Assamese Lyrics
Aaji Akakhar Lyrics | Bhupen Hazarika
Song: Aaji Akakhar (আজি আকাশৰ)
Singer: Bhupen Hazarika
![]() |
| Aaji Akakhar Lyrics |
Aaji Akakhar Lyrics:–
আজি আকাশৰ শেষ হ’ব পাই
শেষ বাৰিষাৰ গান
দিখৌ নৈৰ বুকুতে
সেয়েহে আহিছে
শেহতী বান
কলিয়া ডাৱৰৰ চকুপানী টোকা
কান্দোন পৰিলে ওৰ
আকাশত উৰিলে
কপাহৰে জোলা
বাজিছে ৰঙৰে সুৰ
উপঙি আহিলে
লেশ লউ পৰুৱা
শুকাব বাঢ়ণি পানী
পালেহি খৰালি
তাৰেহি বাতৰি
দিলেহি আনি
ডাৱৰৰ যুজতে
সূৰুয জিকিলে
এন্ধাৰ কৰবালে গ’ল
পোহৰৰ কাড়েৰে ডাৱৰ সৰকালে
বতৰ ফৰকালে হ’ল
আজি আকাশৰ শেষ হ’ব পাই
শেষ বাৰিষাৰ গান
দিখৌ নৈৰ বুকুতে
সেয়েহে আহিছে
শেহতী বান
