Dur Duronire Pora Lyrics By Rumi Anjana Choudhury, visit AssameseLyrical.com for more Assamese lyrics
Singer: Dur Duronire Pora (দূৰ দূৰণিৰে পৰা)
Singer: Rumi Anjana Choudhury
Lyrics: Mrinal Kumar Choudhury
![]() |
Dur Duronire Pora Lyrics |
Dur Duronire Pora Lyrics:--
(দূৰ দূৰণিৰে পৰা
মোক ৰিঙিয়াই মাতে
(মোক ৰিঙিয়াই মাতে)
গাঁৱলীয়া আলিবাটে
হাত বাউলী...
ক’ত হেৰাল সেই সোণোৱালী দিন
নাই তাৰ আজি চিন
বাটৰ ধূলিত নে আইৰ পদূলিত
ক’ত সেই সোণালী সৌ দিন?) ×২
(ৰ’দে ধোৱা ধাননিডৰা নে
তাহানিৰ পঢ়াশালি) ×২
নৈৰে পাৰৰ মুকুলিবতাহ নে
বুকুল তলৰ ধূলি?
(আছেনে বাৰু তাতেই ক’ৰবাত) ×২
হেৰাই যোৱা ল’ৰালি
ক’ত হেৰাল সেই সোণোৱালী দিন
নাই তাৰ আজি চিন
বাটৰ ধূলিত নে আইৰ পদূলিত
ক’ত সেই সোণালী সৌ দিন?
(উভতি আহিছোঁ আকৌ এবাৰ
এৰি অহা দিন বিচাৰি) ×২
আইৰ মৰম দেউতাৰ খং
সমনীয়াৰে ধেমালি
(কিজানি আছে তাতেই ক’ৰবাত) ×২
শৈশৱ মোৰ ওমলি
ক’ত হেৰাল সেই সোণোৱালী দিন
নাই তাৰ আজি চিন
বাটৰ ধূলিত নে আইৰ পদূলিত
ক’ত সেই সোণালী সৌ দিন?
দূৰ দূৰণিৰে পৰা
মোক ৰিঙিয়াই মাতে
(মোক ৰিঙিয়াই মাতে)
গাঁৱলীয়া আলিবাটে
হাত বাউলী...
ক’ত হেৰাল সেই সোণোৱালী দিন
নাই তাৰ আজি চিন
বাটৰ ধূলিত নে আইৰ পদূলিত
ক’ত সেই সোণালী সৌ দিন?
COMMENTS