Gorokhia Hero Gorokhia Lyrics by Bhupen Hazarika, visit AssameseLyrical.com for more Assamese lyrics
Song: Gorokhia Hero Gorokhia (গৰখীয়া হেৰৌ গৰখীয়া)
Singer: Bhupen Hazarika
![]() |
Gorokhia Hero Gorokhia Lyrics |
Gorokhia Hero Gorokhia Lyrics:--
পাৰ্বতী প্রসাদৰ ভাষা জাতে-পাতে ঘৰুৱা
তেখেতৰ গীতৰ ৰচনাত গাঁও –ভুই, হাবি-বন
পথাৰ-সমাৰৰ চিনকী ছবিখন
সহজেই জিলিকি উঠে
কেঁচা মাটি সুগন্ধ মলমলায়
গৰখিয়াৰ মিঠা বাঁহী
তেওঁৰ কাষত অমৰ হয়
গৰখীয়া হেৰৌ গৰখীয়া
কি সুৰ বজালি
কি সুৰ বজালি দুপৰীয়া
গৰখীয়া হেৰৌ গৰখীয়া
কি সুৰ বজালি
কি সুৰ বজালি দুপৰীয়া
পথাৰৰ মাজতে
আহতৰ তলতে
ম'হৰ শিংৰ পেপাটি বাই
পথাৰৰ মাজতে
আহতৰ তলতে
ম'হৰ শিংৰ পেপাটি বাই
দুপৰত আকাশত
কি সুৰ মেলিলি
জগত নিজন কৰি
যায় গৰখীয়া
কি সুৰ বজালি
কি সুৰ বজালি দুপৰীয়া
আঁহতৰ পাততে লাগিছে সুৰ
বতাহ বলিছে
জুঁৰ জুঁৰ জুঁৰ
আঁহতৰ পাততে লাগিছে সুৰ
বতাহ বলিছে
জুঁৰ জুঁৰ জুঁৰ
সুৰৰ ধ্বনি শুনি
কলিজাত কপনি
ৰঙত ঘনে ঘনে লাগে
সুৰৰ ধ্বনি শুনি
কলিজাত কপনি
ৰঙত ঘনে ঘনে লাগে
কোনোবা কাহানিত
লৰালিৰ কাহিনী
মনত মনে মনে
জাগে গৰখীয়া
কি সুৰ বজালি
কি সুৰ বজালি দুপৰীয়া
গৰখীয়া হেৰৌ গৰখীয়া
কি সুৰ কি সুৰ
বজালি দুপৰীয়া
COMMENTS