Osina Batote Rou Lyrics By Himangshu Oiyo Medok

Published on March 30, 2020

Song: Osina Batote Rou (অচিনা বাটতে ৰওঁ)

Singer: Himangshu Oiyo Medok 

Music: Bijoy Sankar Das 

Lyrics: Rajendra Chutia 

Osina Batote Rou Lyrics
Osina Batote Rou Lyrics

Osina Batote Rou Lyrics:–

অচিনা বাটতে ৰওঁ
বিচাৰি পাওঁ তোমাক
নাছিলোঁ ভবা যে মই
মৰমে আনে জোনাক
নিমাত পখীৰ দৰে হৈ
উৰি যাওঁ মই
ডেউকা লৈ
(নাহিবি যোৱা প্ৰেৰণা) ×২
জীৱনত আছে বেদনা…
অচিনা বাটতে ৰওঁ
বিচাৰি পাওঁ তোমাক
নাছিলোঁ ভবা যে মই
মৰমে আনে জোনাক
“সোণতো মৰমক মোৰ দিলেহি জগাই
প্ৰেৰণাৰে চাকিগুচি দিলেহি জ্বলাই
হৃদয়ৰ মাজত আছে কত হাবিয়াস
তোমাকলৈয়ে মই কৰিছোঁ প্ৰয়াস
ফাগুনী বতাহে কয় তোমাৰে কথা
প্ৰতি দিনে বাঢ়ি আহে মনৰে আশা
বাটকুৰি বাই মই আহিছোঁ ওলাই
একাজলি মৰমক দিয়াহি বিলাই”

এই যোৱা এমুঠি হাঁহি
আছোঁ যে তোমালে ৰৈ
বিচৰা নাই
জীৱনযোৰা সপোন
আছোঁ মাথোঁ উকা হৈ
আৱেগৰ নদীত
উটি-ভাহি যাম হা…
গভীৰতাৰো শেষত
একো যে নেপাওঁ
আশাৰে একাবেকা বুকু

অচিনা বাটতে ৰওঁ
বিচাৰি পাওঁ তোমাক
নাছিলোঁ ভবা যে মই
মৰমে আনে জোনাক