Assamese Lyrics
Rimjhim-Jhim Boroxun Porisil Lyrics By Santana Baruah
Song: Rimjhim-Jhim Boroxun Porisil (ৰিমঝিম্-ঝিম্ বৰষুণ পৰিছিল)
Lyrics: Hemanta Goswami
Musician: Hemanta Goswami
Singer: Santana Baruah
![]() |
| Rimjhim-Jhim Boroxun Porisil Lyrics |
Rimjhim-Jhim Boroxun Porisil Lyrics:–
(ৰিমঝিম্-ঝিম্ বৰষুণ পৰিছিল
মাজে মাজে বিজুলীয়ে নাচিছিল
এনেহেন লাগিছিল যেন ময়ো এটি
সুৰ হৈ তাতে মিলি যাম) x২
(ডাৱৰে ডাৱৰে আকাশ ভৰিছিল
বতাহে বতাহে আলোড়ন জাগিছিল) x২
এনেহেন লাগিছিল যেন ময়ো এটি
পখী হৈ তাতে উৰি যাম
ৰিমঝিম্-ঝিম্ বৰষুণ পৰিছিল
মাজে মাজে বিজুলীয়ে নাচিছিল
এনেহেন লাগিছিল যেন ময়ো এটি
সুৰ হৈ তাতে মিলি যাম…!
(বৃষ্টি মুখৰ হ’ল সন্ধ্যা ধূসৰ
ধুই নিলে অৱসাদ উদাসী মনৰ) x২
প্ৰাণে প্ৰাণে দীপক জ্বলিছিল
ছন্দে ছন্দে তাৰ শিখা কঁপিছিল
এনেহেন লাগিছিল যেন ময়ো এটি
গীত হৈ তাতে মিলি যাম…!
ৰিমঝিম্-ঝিম্ বৰষুণ পৰিছিল
মাজে মাজে বিজুলীয়ে নাচিছিল
এনেহেন লাগিছিল যেন ময়ো এটি
সুৰ হৈ তাতে মিলি যাম
সুৰ হৈ তাতে মিলি যাম
সুৰ হৈ তাতে মিলি যাম…!
