Unmona Mone Mathu Lyrics | Zubeen Garg

Published on March 25, 2020

Song: Unmona Mone Mathu (উন্মনা মনে মাথোঁ)

Lyrics: Hiren Bhattacharjya

Singer: Zubeen Garg

Music: Zubeen Garg

Album: Maya

Unmona Mone Mathu Lyrics
Unmona Mone Mathu Lyrics

উন্মনা মনে মাথোঁ বিচাৰি ফুৰে
দিশে দিশে আজি তোমাকে
ধুমুহাৰ মাজতো…
অ’… মন ভঙা
ৰাতিবোৰ সাৱতি থাকি
কতদিন তুমি থাকিবা
দুখৰে জুই জ্বালি
গোপনে…
নিৰৱে…
অকলে…
এতিয়া এন্ধাৰ নিশায়ে
আগছে মোৰ জীৱনক
এতিয়া মনত নিশা
আঁউসীৰ ভৰা প্লাবন
নোৱাৰোঁ আঁকিব সপোনৰ ছবি
নোৱাৰোঁ আঁকিব গানৰ ছবি…
এতিয়া মাথোঁ তুমিয়েই জীৱন
অ’…অ’…অ’…
উন্মনা মনে মাথোঁ বিচাৰি ফুৰে
দিশে দিশে আজি তোমাকে
ধুমুহাৰ মাজতো
অ’…অ’…অ’…
মন ভঙা
ৰাতিবোৰ সাৱতি থাকি
কতদিন তুমি থাকিবা
দুখৰে জুই জ্বালি
গোপনে…
নিৰৱে…
অকলে…
সময়ে দুবাহু মেলি
দিয়েহি গোপনে বেথা
জীৱনে শুনালে বহু
পোৱা-নোপোৱাৰ কথা
ভাগৰুৱা কলিজা
ভাগৰুৱা দেহা
ভাগৰুৱা মন মোৰ
ভাগৰুৱা আশা
এতিয়া মাথোঁ তুমিয়েই জীৱন
অ’… অ’… অ’…
উন্মনা মনে মাথোঁ বিচাৰি ফুৰে
দিশে দিশে আজি তোমাকে
ধুমুহাৰ মাজতো
অ’… মন ভঙা
ৰাতিবোৰ সাৱতি থাকি
কতদিন তুমি থাকিবা
দুখৰে জুই জ্বালি
গোপনে… নিৰৱে … অকলে…
গোপনে… নিৰৱে… অকলে…
গোপনে… নিৰৱে … অকলে…
গোপনে… নিৰৱে… অকলে…