Anubhob Mur Pritir Smriti Lyrics By Anima Choudhury

Song: Anubhob Mur Pritir Smriti (অনুভৱ মোৰ প্ৰিতিৰ স্মৃতি)

Singer: Anima Choudhury

Anubhob Mur Pritir Smriti Lyrics
Anubhob Mur Pritir Smriti Lyrics

Anubhob Mur Pritir Smriti Lyrics:---

( অনুভৱ মোৰ প্ৰিতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহনীয়া, বৰণীয়া )_২

দহি দহি হ'লো চপৰা উজ্জ্বল সোণ ধাতু_২
চকুতে চকুলো সামৰি হ'লো বৰ্ষা শ্ৰাৱণ ঋতু
সহানুভূতিৰে গোৱা গীতবোৰ _২
হওঁক চিৰস্মৰণীয়া , যুগমীয়া
অনুভৱ মোৰ প্ৰিতিৰ স্মৃতি

( সময় সূতিৰ দুকুল  বাগৰি হ'লো যে বোৱতী মহানদী)_২
জীৱন নামৰ তৰীখনি মোৰ উটি ভাহি যাওক যায় যদি
ক্ষতি নাই নাই উভটি নাচাওঁ _২
গীত মোৰ লগৰীয়া
আৰু ছাঁ মোৰ লগৰীয়া
অনুভৱ মোৰ প্ৰিতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহনীয়া, বৰণীয়া
অনুভৱ মোৰ প্ৰিতিৰ স্মৃতি  ।।

Post a Comment

Previous Post Next Post

Contact Form