Ei Dhoronir Lyrics By Bishnu Prasad Rabha

Song: Ei Dhoronir (এই ধৰণীৰ)

Singer: Bishnu Prasad Rabha

Ei Dhoronir Lyrics
Ei Dhoronir Lyrics

Ei Dhoronir Lyrics:---

এই ধৰণীৰ
চিৰ মুকুতিৰ
ৰণ নিৰ্ভয়ে দিম;
কৰি আমৰণ
জীৱনৰ পণ
আমি মিলি যুঁজ দিম ।

ডৰ ভয় নকৰিবি
পাছ পিছ নপৰিবি
দোপে দোপে খোপে খোপে আগুৱাই
আগবাঢ়ো আহ ব’ল
একেলগে মিলি একেছিপে গই ভাঙো শতৰুৰ বল ।
কৰি আমৰণ
জীৱনৰ পণ
আমি মিলি যুঁজ দিম ।

দুখৰ কলিয়া আকাশত
নতুন সূৰুযে দিয়ে দেখা
ৰাঙলী বেলিৰ পোহৰত
দেখোঁ মুকুতিৰ পথ ৰেখা ।
সেই পটিয়েদি গ’লে আগুৱাই
দলিতৰ হ’ব জয়
বিজয় নিচান দিম উৰুৱাই
পুৰণিৰ হ’ব ক্ষয়
কৰি আমৰণ
জীৱনৰ পণ
আমি মিলি যুঁজ দিম ।।

Post a Comment

Previous Post Next Post

Contact Form