Jilmil Xonowali Din Lyrics By Hemen Hazarika

Song: Jilmil Xonowali Din (জিলমিল সোণোৱালী দিন)

Singer: Hemen Hazarika

Jilmil Xonowali Din Lyrics
Jilmil Xonowali Din Lyrics

Jilmil Xonowali Din Lyrics:---

জিলমিল সোণোৱালী দিন
সেই দিনবোৰ হ’ল নে লীন
বিলীন হ’লো নে মই - অ’ সময় ।

এই হিচাবৰ তহবিল শূন্য
নাই পাপ, নাই পুণ্য
তথাপিও ধন্য নহ’লো মই
অ’ সময় সুখময় দুখময় ।

মোৰ অতীত মধুৰ সুমধুৰ
বৰ্তমান বৰ গধুৰ
ভৱিষ্যত ভবিতব্য বুলি
গুণী জ্ঞানী জনে কয়
অ’ সময় নীলিময় ।

সেয়ে, চিঞৰি চিঞৰি মাতিছো
সুঁৱৰি সুঁৱৰি দহি দহিছো
এই দহন বৰ জ্বালাময়
অ’ সময় নীলিময় মৃন্ময় ।।

Post a Comment

Previous Post Next Post

Contact Form