Kiba Jen Nai Lyrics By Bishnu Prasad Rabha

Song: Kiba Jen Nai Lyrics (কিবা যেন নাই)

Singer: Bishnu Prasad Rabha

Kiba Jen Nai Lyrics
Kiba Jen Nai Lyrics

Kiba Jen Nai Lyrics:---

কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি ‘হায় হায়’ ।
মেলিলি ধুমুহা তাইৰ ক’লা চুলিটাৰ
লুকুৱাই তৰা জোন কৰে যে এন্ধাৰ ।

ক’তেনো বা অকৰুণ সেই কাৰাগাৰ
য’ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত নাই ?
গৰজি ডাৱৰ তুলি বিজুলী নিচান
দিয়ে শাওনৰ বাৰিষাৰ সমিধান
ঘনে ঘনে কঁপে মোৰ চকিত পৰাণ
লগে লগে হয় মোৰ জীৱন বিষাণ ।

বাহিৰত বৰষুণ পৰে ধাৰাষাৰ
দুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাটন কৰে মোৰ মন যে এষাৰ
‘মোৰ প্ৰিয়া নাই ! মোৰ প্ৰিয়া নাই’ ।।

Post a Comment

Previous Post Next Post

Contact Form