Kuhipat Jen Kumol Lyrics By Anima Chakraborty, visit AssameseLyrical.com for more Assamese lyrics
Song: Kuhipat Jen Kumol (কুঁহিপাত যেন কোমল)
Singer: Anima Chakraborty
Lyrics: Keshab Mahanta
![]() |
Kuhipat Jen Kumol Lyrics |
Kuhipat Jen Kumol Lyrics:--
(কুঁহিপাত যেন কোমল কোমল অ' তোৰ
ফুলকলি যেন হাঁহি
কিনো নাম দিওঁ তোৰ অ'...
ৰাংঢালী লাহী নে পাহী নে বাঁহী)←২
(থৰক বৰক খোজৰ ভৰত
নাচি হেন্দোল ডোল...
গিৰিপ গাৰাপ যাৱ কেনি তই
গপত গংগাটোপ...)←২
তোৰে মোৰে নাহে দেখোন ৰাহি...
তই বিড়ালী কোন বাঘৰে মাহী..
কুঁহিপাত যেন কোমল কোমল অ' তোৰ
ফুলকলি যেন হাঁহি
কিনো নাম দিওঁ তোৰ অ'...
ৰাংঢালী লাহী নে পাহী নে বাঁহী
পদুমৰে পাত নহওঁ মই
খোপা লৰে চৰে,
বগলীৰে জাক নহওঁ মই
আকাশ জুৰি উৰে,
(মিচিক মাচাক হাঁহ তই
পদুম ফুলৰ কুঁহ (?)
চুচুক চামাক কৰ তই
কথাই প্ৰতি ৰূহ..)←২
তই মনৰ মাজত এনেই সোমালি...
নাম নাজানো নাম কোন কুল(?) বালিমাহী !
কুঁহিপাত যেন কোমল কোমল অ' তোৰ
ফুলকলি যেন হাঁহি
কিনো নাম দিওঁ তোৰ অ'...
ৰাংঢালী লাহী নে পাহী নে বাঁহী
লাহী নে পাহী নে বাঁহী←৩ ৷৷
COMMENTS