Assamese Lyrics
O Dhun Dhuniya Mur Lyrics By Birendra Nath Dutta
Song: O Dhun Dhuniya Mur (অ’ ধুন ধুনীয়া মোৰ)
Singer: Birendra Nath Dutta
![]() |
| O Dhun Dhuniya Mur Lyrics |
O Dhun Dhuniya Mur Lyrics:—
অ’ ধুন ধুনীয়া মোৰ অকণমানি
অ’ সোণ কণমানি মোৰ আইটিজনী
অ’ তোমাৰ খোলা ডিঙিৰ বুটাম খোলা
ফুট্ফুটীয়া ফ্ৰক্
আহা সদায় খোলা থক্ ।
এ নাবান্ধিবা ক’লা চুলি
লাগে লাগক জুই
নিশিকাবা বেণী গুঠি
খোপা বন্ধাৰ চখ
ক’লা চুলিত বতাহ খেলি যক
দোকমোকালিত নিয়ৰ সনা
বতাহ খেলি যক ।
নালাগে তাই ডাঙৰ হ’ব
বাইদেউ না আইতা হ’ব
বয়সৰেই বালি সনা বালিত পৰি ৰ’ক
লাগে যদি সময়তে
লাগে যদি সময়তে
চোলা পিনত মাৰি থক্
তোমাৰ খোলা ডিঙিৰ বুটাম খোলা
ফুট্ফুটীয়া ফ্ৰক্
আহা সদায় খোলা থক্ ।।
