Olop Hahi Olop Ashru Lyrics By Nirmal Prabha Bordoloi, visit AssameseLyrical.com for more Assamese lyrics
Song: Olop Hahi Olop Ashru (অলপ হাঁহি অলপ অশ্ৰু)
Singer: Nirmal Prabha Bordoloi
![]() |
Olop Hahi Olop Ashru Lyrics |
Olop Hahi Olop Ashru Lyrics:---
অলপ হাঁহি অলপ অশ্ৰু
অলপ নুবুজা ডাৱৰ
এয়ে পৃথিৱীৰ সেউজী দূৱৰি
যাউতি যুগীয়া সাঁথৰ ।
এই মাটিতেই ৰচিম স্বৰ্গ
অশ্ৰু দুহাতে মচি
মাটিৰ মাটীয়া ৰহণ গুচাম
প্ৰাণৰ পাপৰি সিঁচি
শক্তিৰ সেতু বান্ধিম থাকিলে
ভয়, বেদনা, সাগৰ
অলপ হাঁহি ...
জীয়াই থকাত আছে শিহৰণ
মৃত্যু মানেই শেষ
পুনৰ জনম আছে বা নাই
নাজানো সিখন দেশ
মাথো পণ আছে ৰক্তবীজৰ
সংঘাতে নানে ভাগৰ
অলপ হাঁহি ...
COMMENTS