Silimili Tuponi Lyrics By Daijee Das & Neel Akash

Song: Silimili Tuponi (চিলিমিলি টোপনি)

Singer: Daijee Das & Neel Akash

Lyrics/Tune: Swarup Kakati

Music: Tarun Tanmoy

Mix/Mastered: Pinku Das (Studio RED AV)

Silimili Tuponi Lyrics
Silimili Tuponi Lyrics

Silimili Tuponi Lyrics:---

চিলিমিলি টোপনি, কেচাঁতে ভাঙিলি
বগা কলাফুলে, কৰিছে আমনি
তই হলি আজলী, গাঁৱৰে ছোৱালী
চকুৰ পলকতে, মাৰেচোন বিজুলী……
||ঐ চকুত সানি কাজল,
কৰিছ তই পাগল……||২
ধীৰে ধীৰে মনে মনে মন ভূলালি……
চিলিমিলি টোপনি ঐ……

||ঐ নিয়ঁৰে তিতালে,
দুৱৰি কোমল কলিজাৰে
কোনে ৰং বুলালে,
গোলাপী মোৰে দুগালতে……||২
উৰে মন পখিলা হৈ,
তোমাকে চুই চাবলৈ..
পলাশে ৰঙালে মন,
জানা তোমাক পাবলৈ…
মোৰো যে নাহে ঘুমতি…..

অ’ চিলিমিলি টোপনি ঐ…
ঐ তলসৰা শেৱালী, ফুৰিছ বুতলি
দুগাল সুমেথিৰা, উঠিছে জিলিকি
ৰ’দত তিৰেবিৰাই, খামুচীয়া ককালটি
ঘনে ঘনে বুকুত, ঐ মাৰিছে উজুটি…
||জাগে নে তোৰো আদৰ
নেলাগে ভাবি ভাগৰ…||২
টোপা টোপে মৰম বাঢ়ি হ’ল এসাগৰ…

চিলিমিলি টোপনি ঐ……
||অ’ মন আজি হয় বাউলী,
তোমাৰে ঠিকনা বিচাৰি…
বিৰিণা কঁপাদি কঁপে মন,
উশাহো জানা চুটি চুটি…||২
আঁচলৰ আঁৰতে থম,
দুহাতে দি বুলনি…
সীমনা নিচিনি ল’ম,
চেনেহবোৰ গনি গনি…
হেঁপাহে ল’ব জিৰণি.……
চিলিমিলি টোপনি ঐ………

Post a Comment

Previous Post Next Post

Contact Form