Bhupen Hazarika
Akakh Xaboti Lyrics | আকাশ সাবটি | Bhupen Hazarika
Akakh Xaboti Lyrics:—
আকাশ সাবটি
নামিলোঁ সাগৰত
বুকুত কঢ়িয়ালোঁ
আগ্নেয়গিৰি।
শব্দৰ বৰষুণে
ধৰিলে সাবটি
কণ্ঠত সুৰৰ
অনন্ত সুহুৰি।।
অন্তহীন তৃষাৰে
ঘূৰিলোঁ ফুৰিলোঁ
খুলি দিলোঁ মোৰ
জীৱন সঁফুৰা।
নাজানো কিমান
কান্দিলোঁ হাঁহিলোঁ
সকলো এতিয়া
স্মৃতিৰ নিজৰা।।
প্ৰেমৰ বন্যাৰেই মই
ধুৱালোঁ তোমাক
হেʼ মোৰ মৰমৰ
বিশ্লেষণ দাতা।
আবেলিৰ বেলিত আহি
দেখিলোঁ তোমাক
তুমি মোৰ হেঁপাহৰ
জীৱনশ্ৰোতা।।
