Bhupen Hazarika
Brahmaputrar Duti Par Lyrics | Bhupen Hazarika Songs
Song: Brahmaputrar Duti Par (ব্ৰহ্মপুত্ৰৰ দুটি পাৰ)
Singer: Bhupen Hazarika
![]() |
| Brahmaputrar Duti Par Lyrics |
Brahmaputrar Duti Par Lyrics:—
ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে
চন্দ্ৰৰ বুকুলৈ মানুহ যাবলেʼ ওলালে ।
মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলেʼ
আমি অকণি ওলামেই দলে দলে ওলামেই
কʼৰবাত কেনেবাকেʼ ডাঙৰ সকল নোলালে।
ডাঙৰ ডাঙৰসকলক পোহৰৰ সমাজখন
অবিশ্বাসৰ এন্ধাৰেৰে কেতিয়াবা ঢাকিলে
আমি সৰু সৰুবোৰে জোনাকী পৰুৱা হৈ
পোহৰ বিলাওঁ বুলি দলে দলে ওলামেই
কʼৰবাত কেনেবাকেʼ ডাঙৰ সকল নোলালে।
মানুহৰ সমাজৰ মৰমৰ জলধিত
পৰিণত কৰিবলৈ বহু পানী লাগিলে
আমি সৰু সৰুবোৰে মৰম কণিকা হৈ
সীমা ওপচাবলৈ দলে দলে ওলামেই
কʼৰবাত কেনেবাকৈ ডাঙৰ সকল নোলালে ।।
