Bhupen Hazarika
Chitralekha Chitralekha (চিত্ৰলেখা চিত্ৰলেখা) | Lyrics In Assamese | Bhupen Hazarika
Song: Chitralekha Chitralekha (চিত্ৰলেখা চিত্ৰলেখা)
Singer: Bhupen Hazarika
![]() |
| Chitralekha Chitralekha Lyrics |
Chitralekha Chitralekha Lyrics:—
চিত্ৰলেখা চিত্ৰলেখা
চিত্ৰ এখন আঁকানা
চিত্ৰপটত চিন্তাশীল এক
চিন্তানায়ক আঁকানা
জনজীৱনৰে
ৰং শুকুলা
মন জীৱনৰে
গভীৰ নীলা
পাত্ৰ দুটি সজাই লোৱাঁ
দুয়োটি ৰং মিলাই লোৱা
তুলিকা তুলি লোৱানা!!
চিত্ৰলেখা চিত্ৰলেখা
চিত্ৰ এখন আঁকা না
চিত্ৰপটত চিন্তাশীল
এক চিন্তানায়ক আঁকা না
এটি দুটি ৰেখাৰে
সাৱধানতাৰে
নয়ন আঁকা দূ্ৰদৰ্শী!
অনাগত দিনৰ
অভিনব পুৱা
সীমা অসীমৰ
সীমা বুজি পোৱা
বক্ষ এখন আঁকি দিয়া
লক্ষজনে লক্ষ্য পোৱাঁ
তুলিকা তুলি লোৱাঁনা।।
