Hagor Hongomot Lyrics | সাগৰ সংগমত | Bhupen Hazarika

Published on February 11, 2020

Song: Hagor Hongomot (সাগৰ সংগমত)

Singer: Bhupen Hazarika

Hagor Hongomot Lyrics
Hagor Hongomot Lyrics

Hagor Hongomot Lyrics:—

সাগৰ সংগমত কতনা সাঁতৰিলো

তথাপিটো হোৱা নাই ক্লান্ত….


সাগৰ সংগমত… সাগৰ সংগমত…

সাগৰ সংগমত কতনা সাঁতৰিলো

তথাপিটো হোৱা নাই ক্লান্ত,
তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ
উৰ্মিমালাই অশান্ত,
মনৰ প্ৰশান্ত সাগৰৰ বক্ষ
জোৱাৰৰ নাই আজি অন্ত,
অজস্ৰ লহৰে নৱ-নৱ গতিৰে
আনি দিয়ে আশা-অফুৰন্ত,
সাগৰ সংগমত….

প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ

শান্তি আজি আক্ৰান্ত,

নৱ- নৱ সৃষ্টি দৈত্য-দানৱে কৰে
নিষ্ঠুৰ আঘাত ও বিশ্ৰান্ত,
সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ
উৰ্মিমালাই অশান্ত,
সাগৰ সংগমত….

ধ্বংসৰ আঘাতক

দিছে আজি সংঘাত

সৃষ্টিৰ সেনানী অনন্ত,
সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত
প্ৰগতিৰ নতুন দিগন্ত,
সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ
উৰ্মিমালাই অশান্ত,
সাগৰ সংগমত….

গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে

ধ্বংসক কৰে দিগ্ ভ্ৰান্ত,

অগণন মানৱৰ শান্তিৰ সমদল
সৃষ্টিকামী জীৱন্ত,
সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ
উৰ্মিমালাই অশান্ত,
সাগৰ সংগমত….
সাগৰ সংগমত কতনা সাঁতৰিলো
তথাপিটো হোৱা নাই ক্লান্ত….