Kajiranga Voyaboho Lyrics | Bhupen Hazarika

Published on February 28, 2020

Song: Kajiranga Voyaboho (কাজিৰঙা ভয়াবহ)

Singer: Bhupen Hazarika

Kajiranga Voyaboho Lyrics
Kaziranga Voyaboho Lyrics

Kaziranga Voyaboho Lyrics:—

কাজিৰঙা, কাজিৰঙা
কাজিৰঙা ভয়াবহ নহয়
নহয় ই অভয়াৰণ্য
ইয়াতকৈও ভয়াবহ জানা
পৃথিৱীৰ জনঅৰণ্য।

অৰণ্যই যুগে যুগে জন্ম দিলে
সাধনাব্ৰতী ঋষি-মুনি
কত শত জ্ঞানৰ আদৰ্শ দিলে
দিলে কত মনিষী গুণী।
সেয়ে ভাৰত আজি হ’ল ধন্য।

কাজিৰঙা মোৰ সেউজ সপোন
আপোন কঁহৰা বাগৰী
সীমাৰ লুইত আৰু ডিফলু আপোন
আপোন মৰমী কুঠৰী।

মোৰ কাজিৰঙাখনি অনন্য।

কাজিৰঙাৰ চিৰসেউজ পৰিবেশ
হস্তী-ব্যাঘ্ৰৰে বাস
এক খড়্গৰ গঁড় পৃথিৱীয়ে চায়
পখীৰ সুৱদী প্ৰাকাশ।
মোৰ কাজিৰঙা নহয় যে বন্য।

কাজিৰঙাত মিলিজুলি খেলে
গঁড় আৰু হৰিণীৰ জাক
(পিচে) জনৰ অৰণ্যত হিংস্ৰজনে
কাহানি শিকিবনো তাক।
সভ্য মানুহ হেনো মান্য!!

কাজিৰঙা কাজিৰঙা
কাজিৰঙা কাজিৰঙা
আমাৰ কাজিৰঙা ধন্য
প্ৰকৃতিৰ ধুনীয়া কোলাত খেলি
আমাৰ মন হল পুণ্য।।