O Bandhoi (অʼ বান্ধৈ) | Lyrics By Bhupen Hazarika

Published on February 29, 2020

Song: O Bandhoi (অʼ বান্ধৈ)

Singer: Bhupen Hazarika

O Bandhoi Lyrics
O Bandhoi Lyrics

O Bandhoi Lyrics:—

অʼ বান্ধৈ তাঁতৰ শালৰ শিপিনী
অʼ বান্ধৈ ৰাধা নে অʼ ৰুক্মিণী
অʼ বান্ধৈ বিজুলিৰে চাৱনি
দেখি মনে ৰাইজাই কৰে।।

অʼ বান্ধৈ হোজা-চহা ডেকা মই
ৰʼদত ঘামো-জামো ঐ
অʼ বান্ধৈ সজাওঁ-পৰাওঁ পথাৰ
মনে মোৰ কইনা বিচাৰে।।

অʼ বান্ধৈ সোণ খটোৱা ঢোলবিৰি
অʼ বান্ধৈ মিনা কৰা জোনবিৰি
অʼ বান্ধৈ যাচিব যে নোৱাৰোঁ
মনে মোৰ কেনেবা কৰে।।

অʼ বান্ধৈ একঠা যে আছে মাটি
অʼ বান্ধৈ তাকে ৰাখিম সাবটি
অʼ বান্ধৈ সঁপি দিম জীৱনটি
কেৱে আৰু কাঢ়িব নোৱাৰে।।

অʼ বোলোঁ শিপিনীয়ে চাইছে
অʼ বোলোঁ মিচিক্-মাচাক্ হাঁহিছে
অʼ বোলোঁ মোকে হেনো বৰিব
কʼলে মোক চকুৰে ঠাৰেৰে।।