Bhupen Hazarika
Radhasurar Ful Guji (ৰাধাচূড়াৰ ফুল গুজি) | Lyrics In Assamese | Bhupen Hazarika
Song: Radhasurar Ful Guji (ৰাধাচূড়াৰ ফুল গুজি)
Singer: Bhupen Hazarika
![]() |
| Radhasurar Ful Guji Lyrics |
Radhasurar Ful Guji Lyrics:—
এʼ ৰাধাচূড়াৰ ফুল গুজি
ৰাধাপুৰৰ ৰাধিকা
চাহ-বাগিচাত ঝুমুৰ নাচি
জুগ্নুক যাচে ফটিকা।
সেই ফটিকা প্ৰেম ফটিকা
(তাত) ভেজাল-তেজাল একো নাই।
(ই) কৃষ্ণচূড়া ফুলৰ দৰে সঁচা ৰং ছটিয়ায়
জুগ্নু বোলা শিৰীষ গছত
ৰাধা যেন লতিকা।
চাহ-বাগিচাত ঝুমুৰ নাচি
জুগনুক যাচে ফটিকা।
সোণাৰুৰে হালধীয়া থোপাথুপি ফুল
আইনা দেখি খোপা বান্ধি ৰাধা বিয়াকুল।
জুগ্নুৰ দেহা কুন্দত কটা
অʼ মাদল কাঠৰ ৰং
তাকে দেখি ৰাধাই হাঁহে
কত যে তাইৰ ঢং
জুগ্নুবিহীন সময়খিনি
ৰাধাৰ যেন শতিকা ।
চাহ-বাগিচাত ঝুমুৰ নাচি
জুগ্নুক যাচে ফটিকা।।
