Bhupen Hazarika
Riniki Riniki Lyrics | ৰিণিকি ৰিণিকি | Bhupen Hazarika
Song: Riniki Riniki (ৰিণিকি ৰিণিকি)
Singer: Bhupen Hazarika
![]() |
| Riniki Riniki Lyrics |
Riniki Riniki Lyrics:—-
ৰিণিকি ৰিণিকি
শুনিছোঁ দূৰণিত
প্ৰভাতী পখীয়ে গীত গায়,
প্ৰভাতী পখীয়ে কিয় গায়?
মৌন নিশা দেখোঁ, চৌপাশে আছে;
সূৰুযৰ দেখা দেখি নাই।
প্ৰভাতী পখীয়ে গীত গায়
প্ৰভাতী পখীয়ে কিয় গায়?
অস্ত বেলিৰ সীমা পাৰ হৈ হৈ
বাট বুলি অকলে অকলে
খেদিছোঁ প্ৰভাত এন্ধাৰে এন্ধাৰে,
আহিবনে প্ৰভাত সূৰুয নহʼলে
থাকিম কিমান বাট চাই?
প্ৰভাতী পখীয়ে গীত গায়।
প্ৰভাতী পখীয়ে কিয় গায়?
মৃত্যুক সাবটি লʼলাই নেকি,
পলম কৰা কিয় সূৰ্য?
এন্ধাৰ বাটত দিয়াহি জ্যোতি
মোৰ আৰু নাই যে ধৈৰ্য
তোমাৰ সঁহাৰি কিয় নাই?
প্ৰভাতী পখীয়ে গীত গায়
প্ৰভাতী পখীয়ে কিয় গায়?
