Rong Rong Nana Rong Lyrics | ৰং ৰং নানা ৰং | Bhupen Hazarika

Published on February 18, 2020

Song: Rong Rong Nana Rong (ৰং ৰং নানা ৰং)

Singer: Bhupen Hazarika

Rong Rong Nana Rong Lyrics, bhupen hazarika
Rong Rong Nana Rong Lyrics

Rong Rong Nana Rong Lyrics:—

ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ
ৰং ৰং নানা ৰং…….. কিনিবলৈ যাওঁ
ৰংবোৰ অভিমুখে আমি আগুৱাওঁ
য’তে যি ৰং পাওঁ কোঁচত ভৰাওঁ
সেই ৰং পৃথিৱীত আমি ছটিয়াওঁ।
শাৰী শাৰী পাহাৰৰে সেউজ ৰং চোৱা
গঙা চিলনীৰ পাখী—-কেনে মোহনীয়া
সৰিয়হ ফুলনি চোৱাঁ—মিঠা হালধীয়া
আমাৰ এই যাত্ৰা চোৱাঁ—-নানা ৰহণীয়া
(আমি) ৰঙৰ পৃথিৱীখনি হাততে যে পাওঁ
সেই ৰং পৃথিৱীলৈ’ পুনু ছটিয়াওঁ।
সজাৰ চৰাইজাক চোৱাঁ—মুকলি যে হ’ল
বিশাল আকাশলৈ চোৱাঁ—পাখি মেলি মেলি গ’ল
সেইদৰে সৰু সৰু সীমা আমি ভাঙি গৈ
মুকলি বতাহলৈ যাওঁ বহল মনবোৰ লই
পৃথিৱীৰ পৰা আমি ৰঙকে গোটাওঁ
সেই ৰং পৃথিৱীলৈ পুনু ছটিয়াও
ৰঙেৰে ৰঙৰ গীত হাঁহি হাঁহি গাওঁ
সেই গীত পৃথিৱীলৈ পুনু ছটিয়াওঁ।