Bhupen Hazarika
Siro Jugomiya Dhou Tuli Lyrics | চিৰযুগমীয়া ঢৌ তুলি | Bhupen Hazarika
Song: Siro Jugomiya Dhou Tuli (চিৰযুগমীয়া ঢৌ তুলি)
Singer: Bhupen Hazarika
![]() |
| Siro Jugomiya Dhou Tuli Lyrics |
Siro Jugomiya Dhou Tuli Lyrics:—
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
চিৰ নতুন পানচৈ উটি যায়,
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
সময় নদীত পথ আঁকি আঁকি যায়,
অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে
আজি উৰে,
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি…
অ’ অ’ অ’ মোৰ মন গীতিকাৰ
চোৱাহি চোৱাহি হৃদয়
বিলাই কোন যায়,
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
পদুম সুৰৰ পানচৈ উটি যায়,
অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে
আজি উৰে,
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি…
উজনি পানীতে মৰমী সোঁততে
চিত্ৰলেখীয়ে চিৰসুন্দৰৰ
শংখ কাপেৰে বুৰঞ্জী লিখে,
অ’ অ’ অ’ মোৰ মন সুৰকাৰ
গোৱাহি গোৱাহি
সুৰৰ আজি সীমা নাই;
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
নতুন সুৰৰ পানচৈ উটি যায়,
জিলমিলীয়া ঢৌ তুলি ঢৌ তুলি
সময় নদীত পথ আঁকি আঁকি যায়,
অণু পৰমাণু হৈ কাৰ আশাৰেনো উৰে
আজি উৰে,
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি…
চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি…
