Siyangor Galong Lyrics | চিয়াঙৰ গালং | Bhupen Hazarika

Song: Siyangor Galong Lyrics (চিয়াঙৰ গালং)


Singer: Bhupen Hazarika

Siyangor Galong Lyrics
Siyangor Galong Lyrics

Siyangor Galong Lyrics:—

চিয়াঙৰ গালং
লোহিতৰে খামটি
আৰু টিৰাপৰে ৱানচুৱে
মোক কিয় মাতিছে ?
অসমীৰে পদূলি উদুলি যে মুদুলি
মৰম চেনেহৰে হাট বহিছে  
আপতানি ভনীটিক ধৰিলোঁ সাবটি
বেচেৰূপে নিলে মোক আথে-বেথে মাতি
ক’লে: আজি কিয় ৰঙৰে চকুলো সৰিছে ?
অ’ পাহাৰৰে তলিত
ভৈয়ামৰে সীমাতে
চিনাকী চিনাকী কি সবাহ বহিছে ?
মনপা ককাইটিক ধৰিলোঁ সাবটি
বিনিময়ত তেওঁ দিলে বুদ্ধৰে মূৰতি
ক’লে : যুগ যুগৰ মিতিৰালিৰ ধ্বজা উৰিছে 
অ’ বহুদিনে নেদেখা পদম ইনু নক্তেই
‘আহ’ বুলি হিয়াৰে আপং যাচিছে 
একতাৰ বেহা কৰি ভাবিলোঁ ওভতোঁ
উভতিয়ে চাই দেখোঁ আহিছে সিহঁতো
ৰিঙিয়াই ক’লে মোক: কিছুবেলি ৰ’বি
উভতি গৈ তই অসমীকে ক’বি – 
আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে
অ’ চেৰদুকপেন আৰু টাংচাই
অঁকা আৰু বৰীয়ে
চেনেহ এনাজৰীৰে বাটি কাঢ়িছে
চিয়াঙৰে গালং
লোহিতৰে খামটি
টিৰাপৰে ৱাংছুৱে
মোক কিয় মাতিছে ? 
অসমীৰে পদূলি
উদুলি যে মুদুলি
মৰম চেনেহৰে হাট বহিছে

Leave a Comment