Agoli Bahore Lyrics | Bhupen Hazarika

Published on March 3, 2020

Song: Agoli Bahore (আগলি বাঁহৰে)

Singer: Bhupen Hazarika

Agoli Bahore Lyrics
Agoli Bahore Lyrics

Agoli Bahore Lyrics:—


আগলি বাঁহৰে, লাহৰী গগনা
বাজি উঠিল কিয়?
আগলি কলৰে, এখিলানো পাত
কঁপি উঠিল কিয়?
মুকুতিৰ উৰুলি শুনি।

অহঙ্কাৰী ৰজাৰ নগৰী
কংকাল হʼল কিয়?
বন্দীশালৰ শিকলিবোৰ
ছিগি পৰিল কিয়?
মুকুতিৰ উৰুলি শুনি।

ৰাজকাৰেঙৰ ৰঙা চকু নেওচি আহিল কোণ?
ডেকা বৰুৱাহে এইজন, মোৰেই কেঁচা সোণ
বজ্ৰকঠোৰ ৰাজনীতিক নেওচি ওলাল কোন?
ৰূপহী ৰাজকুঁৱৰী মোৰ আকাশৰে জোন।

মৰম বৰনামঘৰৰে বৰ খুটা পুতিলোঁ
সমপ্ৰেমৰ সোণ ৰূপৰ পাট মেৰিয়ালোঁ;
আওপুৰণি নীতি নিয়ম আমিয়ে ভাঙিলোঁ
মন সীমাক বাধা দিয়া ধন গছকিলোঁ।

নীৰসজনক জীপাল কৰা বৰদৈচিলা আমি
বিচাৰৰে তুলাচনীৰ বিচাৰকো আমি
শতিকাৰে এলান্ধুকে সাৰোঁ-পোচোঁ আমি
সমতাৰে ৰহণ সানি নিকা কৰোঁ আমি।

মুকলি আকাশ মুকলি উশাহ,
আমি দুয়ো আজি যেন, মুকলি প্ৰকাশ
দুটি দেহৰ দুটি মানুহ
একোটি মাথোন হিয়া
সমুখতে বাট আমাৰ
মৰম সেন্দূৰীয়া।।