O Bharotore Lyrics | Bhupen Hazarika

Published on March 4, 2020

Song: O Bharotore (অʼ ভাৰতৰে)

Singer: Bhupen Hazarika

O Bharotore Lyrics
O Bharotore Lyrics

O Bharotore Lyrics:—

অʼ ভাৰতৰে পঁজা ঘৰত
নৈৰ পাৰত
সোণ পথাৰত
বাজক সুখৰ বাঁহী
বাজক সুখৰ বাঁহী।

পঞ্চনদী গোদাবৰী
মহানদী আৰু কাবেৰীৰ
সোঁতত উঠক ভাঁহি
পৃথিৱী ঘূৰি
বহু ফুৰি,
এই ভাৰতৰ চৰণ চুমিম
জনম জনম আহি।

দূৰৈৰ আজান
বাউলৰ গান
মিঠা কলতান
মৃদু তাল-মান
বাজক আকাশ ছানি,
কঁহুৱা বনৰ
কোমল মনৰ
লুইত পাৰৰে বগলীৰে
বগা পাখিত লাগি।।