Assamese Song
Raij Aji Bhawariya Lyrics | Bhupen Hazarika
Song: Raij Aji Bhawariya (ৰাইজ আজি ভাৱৰীয়া)
Singer: Bhupen Hazarika
![]() |
| Raij Aji Bhawariya Lyrics |
Raij Aji Bhawariya Lyrics:—
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল’বা আহাঁ
সময় যে তাকৰ
আখৰা নেলাগে, নেলাগে পোছাক
নঙঠা হৈয়ে আহাঁ
ভুকাতুৰ পেটতে গামোচা বান্ধি
উন্মাদ হৈয়ে আহাঁ
তেহে ৰহণ চৰিব নাটৰ
কোনে কি ভাও ল’বা ,আহাঁ
সময় যে তাকৰ ।
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ ..
পৰিচালকক সুধিবৰ হ’ল
মুখাৰে কিমান ঠগিবা
টেকনিক ভৰা নাটেৰে কিমান
নাটনিৰ নাট মেলিবা
সংলাপ নেলাগে মিঠা ভাষাৰ
আৰ্তনাদেৰে কোঁৱা
দুষ্টজনকে চেতনাৰে যুঁজি
বীৰৰ যোগ্য হোৱা
তেহে ৰহণ চৰিব নাটৰ !
কোনে কি ভাও ল’বা আহাঁ
সময় যে তাকৰ
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল’বা ,আহাঁ
সময় যে তাকৰ
