Hohosro Jone Muk Lyrics | Bhupen Hazarika

Published on February 29, 2020

Song: Hohosro Jone Muk (সহস্রজনে মোক)

Singer: Bhupen Hazarika

Hohosro Jone Muk Lyrics
Hohosro Jone Muk Lyrics

Hohosro Jone Muk Lyrics:—

সহস্রজনে মোক প্রশ্ন কৰে
মোৰ প্রেয়সীৰ নাম
মালবিকা নে লিপিকা নে মল্লিকা ।
অর্থপূর্ণভাৱে ঈষৎ হাঁহিৰে কওঁ
নহয় মালৱিকা বা লিপিকা বা হৈমন্তী বা মল্লিকা ।।
সহস্রজনে মোক প্রশ্ন কৰে
আমাৰ চেনেহ, আমাৰ মৰম
কিয় ফল্গু হ’ল ?
বহির্জগতৰ অদেখা !
সমিধানত কওঁ —
বুকুতেই সাঁচে কিয়,
পৃথিৱীয়ে গর্ভতো
অব্যক্ত কত বহ্নিশিখা ।।
বেদৰ মন্ত্রেৰে দম্পতী
যদিও নহ’লোঁ আমি কাহানিও
একেটি পাত্রতে জীৱন-মদিৰা
পান কৰোঁ আমি তথাপি ।।
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ মৌন পৰত,
অনুপ্রেৰণাৰে জ্যোতি যাচে জানোঁ
নাম তাইৰ জানো মধুচন্দ্রিকা
সমিধানত কওঁ —
বুকুৰ ৰক্তেৰে, 
গুপুতে জীয়াই ৰখা
নামবিহীনা তাই অনামিকা
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ প্রেয়সীৰ নাম
মালবিকা নে লিপিকা নে মল্লিকা
অর্থপূর্ণভাৱে ঈষৎ হাঁহিৰে কওঁ
নামবিহীনা তাই
নামবিহীনা তাই
নামবিহীনা তাই অনামিকা !