Bhupen Hazarika
Ki Je Chandat Holu Bondi (কিযে ছন্দত হʼলো বন্দী) | Lyrics In Assamese | Bhupen Hazarika
Song: Ki Je Chandat Holu Bondi (কিযে ছন্দত হʼলো বন্দী)
Singer: Bhupen Hazarika
![]() |
| Ki Je Chandat Holu Bondi Lyrics |
Ki Je Chandat Holu Bondi Lyrics:—
কিযে ছন্দত হʼলো বন্দী
ইহ জনমটো পাই
নোজানো কিমান ভ্ৰমিব লাগিব
সঙ্গী কোনো যে নাই।।
লঙ্ঘন কৰিব নোৱাৰা নিয়ম
লঙ্ঘন কৰিয়ে হায়
অনিয়মকে কৰিলোঁ নিয়ম
পামনে লক্ষ্য ঠাই।
শুনিছোঁ পঙ্কত নেনামিলে
নেপায় জ্যোতি-কমল
তেন্তে কিয়নো ইতিকিং কৰে
মথিলে পঙ্কজল।
অনন্ত আকাশ গভীৰ সাগৰ
ইয়াতো লগৰী নাই
নাচিয়ে ফুৰিছোঁ সেয়েহে তাণ্ডব
দুন্দুভি বজায়।
