Mitha Mitha Bohagor Lyrics | মিঠা মিঠা বʼহাগৰ | Bhupen Hazarika

Published on February 20, 2020

Song: Mitha Mitha Bohagor (মিঠা মিঠা বʼহাগৰ)

Singer: Bhupen Hazarika

Mitha Mitha Bohagor Lyrics
Mitha Mitha Bohagor Lyrics

Mitha Mitha Bohagor Lyrics:—

মিঠা মিঠা বʼহাগৰ
গীত এটিকে ৰচোঁ বুলি ভাবিলো
এনেতে চুচুক চামাককৈ কাষ চাপিলা
ম‍ই যেন ভাষা পালোঁ।
মিঠা মিঠা বʼহাগৰ।

লুইততে তিওৱা তোমাৰ দেহা
মাহ আৰু হালধিৰ সুৱাস ঘঁহা
নিচেই কাষতে পোৱাৰ পিছত
সুৰ যেন হাততে পালোঁ
মিঠা মিঠা বʼহাগৰ।

মোৰ বʼহাগে যেন
এটি সৰু বিহুগীত
কʼৰবাত হেৰাই যোৱা
আজি যেন হঠাতে পোৱা
একজাক গাভৰুৱে হঠাতে হঁহা
একজাক বগলী বলীয়া হোৱা
বিহুৱা আৱেশে আজি মোক জোকোৱাত
ম‍ই যেন ধুমুহা হʼলোঁ।