Bhupen Hazarika
Kisudin Agote Lyrics | কিছু দিন আগতে | Bhupen Hazarika
Song: Kisudin Agote (কিছু দিন আগতে)
Singer: Bhupen Hazarika
![]() |
| Kisudin Agote Lyrics |
Kisudin Agote Lyrics:—-
কিছু দিন আগতে পুৱতি নিশাতে
সপোন এটি দেখিছিলো
ৰাজপথে ৰাজপথে বিজুলী খুঁটিত
ওলমা মৃতদেহ দেখিছিলো ।
সুধিলো: এয়া কাৰ মৃতদেহ ?
কʼলে : ইহঁত চোৰাংবজাৰী,
ঘটিছিল বহু কʼলা ধন,
হৈ ৰাইজৰ মৰণৰ বেপাৰী।
হঠাৎ ভাগি গʼল সপোন মোৰ
বিজুলীখুঁটিত দেখোঁ নাই মৃতদেহ।
(বুজোঁ) মোৰেই মূৰৰ বিকৃতি ঘটিছে
দুৰ্নীতি নাই হোৱা শেষ।।
মাতৃয়ে নিচুকনি গাবলৈ পাহৰিলে
অৰ্ধমৃত শিশু দেখি
ভেজাল খাদ্যৰো জুই ছাই দাম,
পনীয়া ঔষধ দিয়ে লেখি ।
(হেৰʼ) দেখিছনে নাই তোৰ ঘৰৰ কাষতে
দুৰ্বল অকণিৰ কামীহাড়
নোহোৱা নকৰ কিয় কিঞ্চিৎ দুখ
শত শত নিবনুৱাৰ।
(হেৰʼ) লৈ আহ সকলো দুঃখী জনতাৰ
কাষলে অকনমান সুখ
তেতিয়াহে সন্মান কৰিম
তঁহতৰ বৰ বৰ কথা কোৱা মুখ ।।
চোৰাং বজাৰীৰ সংখ্যা যিমান
সিমানেই আছে দেখোঁ বিজুলী খুঁটি
সিহঁতক তেনেহʼলে ফাঁচি নিদিয় নেকি ?
দিছিলি দেখোঁ প্ৰতিশ্ৰুতি ?
