Sorai Sikun Lyrics | চৰাই চিকুণ | Bhupen Hazarika

Published on February 15, 2020

Song: Sorai Sikun (চৰাই চিকুণ)

Singer: Bhupen Hazarika

Sorai Sikun Lyrics
Sorai Sikun Lyrics

Sorai Sikun Lyrics:—-

চৰাই চিকুণ অʼ লীলা ৰহিলা

তেলিয়া সাৰেং অʼ লীলা ৰহিলা

মাছৰ চিকুণে মালি লীলা ৰহিলা

আকৌ এদিন আহিলা,

আহিয়ে যে গʼলাগৈ

দিলা তামোল এখনি খালা তামোল এখনি

লগালা লগালা মৰমৰ মাত।


লʼ লʼ লতি তিল লʼ লʼ লতি তিল

লতি তিল, লতি তিল, লʼ লʼ লʼ লʼ লʼ লʼ লʼ লʼ।


ইমান নো ধুনীয়াকৈ কোনে সৰজিলে

সোণ ৰূপৰ বৰণে কৰি

এʼ, আমাক সৰজিলে কণাজন বিধাতাই

গোবৰ মাটি মিহলি কৰি


হেʼ ধিন্দাওঁ কুৰুলি কোবাওঁ বিহু মাৰিবলৈ যাওঁ

হেʼ, ধিন্দাওঁ কুৰুলি কোবাওঁ মথুৰা হাটলৈ যাওঁ

ৰৈয়া পাতিদৈয়া চাৰিঙৰ বেঙেনা, ভাতে ৰান্ধি খাই যাওঁ।


ৰৈয়া ৰৈ নাচিলে, নাচনী নাচিলে ৰৈয়া ৰৈ

আই ঐ দেহি, কলাফুলৰ গোটে দেহি

ৰাইজাই ৰাইজাই কৰে দেহি

তোমাকনো মই কাহানি পাম?


কেঁচা মৰম চেঁচা নৈ

মুখৰ মিঠা এঠা দৈ

মিঠা মিঠা তিলৰ পিঠা দেহাটি মোৰ চেনাই ঐ

অসমীৰে বিহুটি ঐ


বাপতি যে সাহোন ঐ

আমাৰ অতি আপোন ঐ।

হায় ঐ বিহুটিনো আদৰৰ

বিহুটিনো সাদৰৰ

বিহুটিনো অসমৰ ধন।

হায় ঐ এনুৱানো  বিহুটি

এৰিব লাগিলে

নাথাকেনো অসমৰ মান ।।