Eti Kuhi Duti Pat Lyrics | এটি কুঁহি দুটি পাত | Bhupen Hazarika

Published on February 15, 2020

Song: Eti Kuhi Duti Pat (এটি কুঁহি দুটি পাত)

Singer: Bhupen Hazarika

Eti Kuhi Duti Pat Lyrics
Eti Kuhi Duti Pat Lyrics

Eti Kuhi Duti Pat Lyrics:—


এটি কুঁহি দুটি পাত

ৰতনপুৰ বাগিচাত

লহ্‌পহীয়া হাতেৰে কোনেনো ছিঙিলে

অʼ কোনেনো ছিঙিলে?


এন্ধাৰ কলা চুলিৰে

জবা ফুলৰ পাহিৰে

পাপৰিবোৰ উৰুৱাই কোনেনো হাঁহিলে

অʼ কোনেনো হাঁহিলে?


জুগ্‌নু আৰু লছ্‌মীৰে

বিয়াৰ দিনা ঝুমুৰে

ৰতনপুৰ বাগিচাত জোৱাৰ তুলিলে

অʼ জোৱাৰ তুলিলে।


জুগ্‌নু আৰু লছ্‌মীৰে

মৰমখিনিৰ ৰূপেৰে

এটি সৰু কেঁচুৱাই পঁজা উজলালে

অʼ পঁজা উজ্বলালে।


জুগ্‌নু আজি এটি পাত

লছ্‌মী আজি এটি পাত

কেঁচুৱাটি সৰু কুঁহি ভাগৰি পৰিলে

অʼ ভাগৰি পৰিলে।


এটি কুঁহি দুটি পাত

ৰতনপুৰ বাগিচাত

অকালতে ছিঙিবলৈ পিশাচো আহিলে

অʼ পিশাচো আহিলে।


দুটি পাতৰ লটিঘটিত

আলফুলিয়া কেঁচুৱাটিৰ

আশাৰ চাকি ঢাকি কোন পিশাচে হাঁহিলে

অʼ পিশাচে হাঁহিলে।


তাম বৰণৰ দেহাৰে

সবল সুঠাম বাহুৰে

ধম্ ধমা ধম্ মাদল বজাই কোনেনো নাচিলে

হেজাৰে নাচিলে।


নতুন তুফান আহিলে

হেজাৰ মাদল বাজিলে,

সেই মাদলৰ সাহস দেখি পিশাচো পলালে

অʼ পিশাচো পলালে।।