Bhupen Hazarika
Axom Amar Rupohi Lyrics | অসম আমাৰ ৰূপহী | Bhupen Hazarika
Song: Axom Amar Rupohi (অসম আমাৰ ৰূপহী)
Singer: Bhupen Hazarika
![]() |
| Axom Amar Rupohi Lyrics |
Axom Amar Rupohi Lyrics:—
অসম আমাৰ ৰূপহী
গুনৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ
অসম আমাৰ ৰূপহী
গুনৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ
গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নাপাও ইমান ৰসাল মাটি
চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ
ব’হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
মাঘত সোণৰ হাতেৰে লখিমী আদৰে
শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ
অ’ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ।
পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেঁতু গঢ়ে
লৌহিত্যৰে বহল পাৰক প্ৰনিপাত কৰো
জন্ম ললোঁ ইয়াতেই ইয়াতে যেন মৰোঁ
পাম ক’ত এনে মধুৰ ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ
অসম আমাৰ ৰূপহী
গুনৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ
