Bhupen Hazarika
Gouri Puriya Gabhoru Dekhilu Lyrics | গৌৰীপুৰীয়া গাভৰু দেখিলো | Bhupen Hazarika
Song: Gouri Puriya Gabhoru Dekhilu
Singer: Bhupen Hazarika
![]() |
| Gouri Puriya Gabhoru Dekhilu Lyrics |
Gouri Puriya Gabhoru Dekhilu Lyrics:—-
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ,
হাতীও ধৰিলো তাইকো মুহিলো
সাঁতুৰি গদাধৰ নৈ হে….
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ,
মহলৰ কাষতে নৈৰে পাৰতে
আছিলে অকলে ৰৈ হে….
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ….
গোৱালপাৰাৰ হাতী মহল
মাউত নানা স্থানত,
তাৰেই মাজত মাথোন মই
শিৱসাগৰৰ গাঁৱৰ,
সেয়ে গভীৰ হাবিত গাইছিলো
বিহু ব’হাগত….
কি গাইছিলো
পৰ্বতে পৰ্বতে বগাব পাঁৰো মই
পৰ্বতে পৰ্বতে বগাব পাঁৰো মই
লতানো বগাবলৈ
লতানো বগাবলৈ টান,
বলীয়া হাতীকো বলাব পাৰোঁ মই
বলীয়া হাতীকো বলাব পাৰোঁ মই
তোমাকনো বলাবলৈ
তোমাকনো বলাবলৈ টান,
গাভৰু বলালো মই
লতাও বগালো,
বিহু গায়েই অচিন সুন্দৰীৰ
চিত হৰি নিলো,
কষ্ট কৰিলে ৰত্ন মিলিব
কথাটি শিকিলো;
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ,
হাতীও ধৰিলো তাইকো মুহিলো
সাঁতুৰি গদাধৰ নৈ হে….
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ….
তেজক পানী কৰি কৰি
হস্তীনী ধৰিলো,
ধৰাৰ পিছত মহলদাৰৰ
মাননী লভিলো,
সেয়ে কইনাকে দেখুৱামগৈ
দিখৌ নৈৰে পাৰ….
হে গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ,
হাতীও ধৰিলো তাইকো মুহিলো
সাঁতুৰি গদাধৰ নৈ হে….
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ,
মহলৰ কাষতে নৈৰে পাৰতে
আছিলে অকলে ৰৈ হে….
গৌৰীপুৰীয়া গাভৰু দেখিলো
হাতী ধৰিবলৈ গৈ….
